পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জঙ্ঘাসুৰ বধ

তহিতে পশিলা পাণ্ডৱৰ পঞ্চ ভাই।
পত্ৰৰ গৃহক বান্ধি ৰৈলা সেহি ঠাই॥
বিনা দোষে মহামানী বীৰ বৃকোদৰে।
জঙ্ঘাসুৰে বান্ধি নিলা আপুন নগৰে॥ ৫
ঋষিয়ে বোলন্ত তুমি শুনা জন্মিজয়।
মহাবীৰ ভীমসেন কাকো নুগুণয়॥
সপ্তদিন হন্তে অন্ন জল একো নাই।
হেন দেখি বুলিলন্ত যুধিষ্ঠিৰ ৰায়॥ ৬
শুনিয়োক বৃকোদৰ আমাৰ বচন।
সাতদিন অন্ন নাহি নৰহে জীৱন।
দৈৱৰ বিপাক বিধি লিখিলা কপালে।
শকুনিতে বাদ মাত্ৰ ভুঞ্জো কৰ্ম্মফলে॥ ৭
হা হৰি দৈৱকীনন্দন বাসুদেৱ।
তোমাৰ চৰণ কৰে লক্ষকোটি সেৱ॥
অৰ্জ্জুন নকুল দুয়ো চলিও লগত।
ফল মূল কিছুমান লৈয়োক সতত॥ ৮
কাহাক যে হিংসা নকৰিবা মোৰ বাণী।
আমাৰ আদেশে চলি যাহা তিনি প্ৰাণী॥
অবিচাৰে হিংসা কৰি যাতনা ভুঞ্জায়।
নৰক-পলুই তাক বেঢ়ি বেঢ়ি খায়॥ ৯
হেন শুনি বৃকোদৰ বুলিলা বচন।
ত্ৰিভুবনে যশ গাৱে সত্য পাণ্ডুগণ॥