পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল ছেদি অসুৰৰ তেখনে কঙ্কণ।
যাজ্ঞসেনী সমীপত ভৈলা উপসন॥
পৰ্ব্বত সমান ধলি পড়িল অসুৰ।
টল মল কৰি মহী লৰে কত দূৰ॥”

 ধৰ্ম্ম প্ৰচাৰৰ উদ্দেশ্যে ৰচিত হলেও বধ-কাব্যসমূহ সাহিত্যিক গুণৰাজি-বিৱৰ্জ্জিত নহয়। বৰঞ্চ ভক্তি ৰসত মিহলি হৈ মধু-দধি যেন কাব্য স্বাদ ‘অতিশয় মিলিছে'। অন্যান্য বৈষ্ণৱ গ্ৰন্থৰ দৰে, এই কাব্য- মালাই আধ্যাত্মিক হিত সধাৰ উপৰিও ধীৰ আৰু কল্যাণকৰ আনন্দ দিছে। এই কাব্য সমূহ গণচিত্ত আকৃষ্ট কৰিবৰ কাৰণে যুগুত কৰা হৈছিল। লোকচিত্ত শিশুৰ দৰে সৰল আৰু সহজ-বিশ্বাসী। শিশুৰ মনত প্ৰাকৃতিক, অপ্ৰাকৃতিক, বাস্তৱ কল্পনাৰ প্ৰভেদ নাই; সকলো সমপৰ্য্যায়ৰ। সেই কাৰণেই প্ৰতিখনি কাব্যতে দেৱ-দেৱী, দানৱ মানৱ, পশু-পক্ষীৰ লৌকিক অলৌকিক ঘটনাৱলীৰ অদ্ভুত-আশ্চৰ্য্যৰূপে সমাবেশ ঘটিছে। বিবিধ সৰ্গত সৰু বৰ বহু ঘটনা আৰু অজেয় অসুৰ অথবা অলৌকিক শক্তিসম্পন্ন পুৰুষৰ আখ্যান সিঁচৰতি হৈ আছে। ঘটনাবহুল আৰু চৰিত্ৰসঙ্কুল হোৱা সত্ত্বেও কাব্যৰ আদি, মধ্য আৰু অন্তৰ লগত সংযোগ হেৰোৱা নাই; গোটেই কাব্যতে অখণ্ডতাৰ ৰূপ; সমগ্ৰতাৰ ভাৱ প্ৰস্ফুটিত হৈছে। কৰ্ম্মফলবিশ্বাসী ভাৰতীয় আদৰ্শত ট্ৰেজেডিৰ স্থান নাই। গতিকে ধৰ্ম্মৰ জয় আৰু অধৰ্ম্মৰ পৰাজয় নীতি ব্যাখ্যা কৰি আনন্দৰ মাজত প্ৰতিখনি কাব্যৰ শুভ সমাপ্তি হৈছে।

 কাব্যৰ বিষয় অসুৰ আৰু মানুহৰ মাজত হোৱা সংঘৰ্ষত গঢ়ি উঠিছে। বিশেষকৈ বনবাসী পাণ্ডৱৰ জীৱনত ঘটা অনৰ্থ আৰু বিপদ- ৰাশিৰ ওপৰতে কাব্য আখ্যানে পৰিপুষ্টি লভিছে। কোনো এক দেৱ তাৰ অনুগ্ৰহ লভি নতুবা দেৱদত্ত শক্তিৰ বলত দুৰ্ব্বল মানুহৰ