পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাব্যৰ প্ৰধান উদ্দেশ্য। প্ৰত্যেকখনি কাব্যতে অপৰাজেয় অসুৰৰ হাতত ভক্তৰ জীৱন কেনে ভাৱে বিপন্ন হৈছিল, ভগবানে সন্ধিক্ষণত কেনেকৈ ভক্তক উদ্ধাৰ কৰিছিল তাক বৰ্ণোৱা হৈছে। “জঙ্ঘাসুৰ- বধ”ত আছে :—

“বীৰৰ উপৰি বীৰ কালৰ যে কাল।
সত্বৰে হৰিক ভজা এৰি আল জাল॥
যিটো জঙ্ঘাসুৰ বীৰ ত্ৰৈলোক বিজয়।
তাহাক পাণ্ডৱে কিনো বধিতে পাৰয়॥
পৰম ভকত তাৰা পঞ্চ যে পাণ্ডৱ।
ভকতৰ মহিমাক বঢ়াৱন্ত মাধৱ॥
ভাৰ সংহৰিলা আসি হৈয়া অৱতাৰ।
এতেকে ভক্তৰ যশ কৰিলা প্ৰচাৰ।”

 ভক্তিধৰ্ম্ম প্ৰচাৰেই কাব্যৰ মূল প্ৰেৰণা। কবিয়ে এই কথা কেৱল ভক্তৰ কাৰ্য্য-কলাপৰ মাজেদিয়েই ফুটাই তোলা নাই;— বৈৰীসকলৰ মুখেদিও সেই বাণী প্ৰচাৰ কৰিছে। শিৱ-ব্ৰহ্মা আদি সকলো দেৱতাৰ ভিতৰত বিষ্ণু বা কৃষ্ণয়েই যে শ্ৰেষ্ঠ— সেই কথাও প্ৰতীয়মান হৈছে। ব্ৰহ্মাৰ বৰ পায়ো অপৰিমিত শক্তিশালী খটাসুৰ বীৰৰ দ্ৰৌপদীৰ হাতত অবাঞ্ছনীয় ভাবে মৃত্যু মিলিছে—

“অসুৰ বধিতে দেবীৰ ভৈলা মন।
...   ...   ...   ...   ...
দক্ষিণ হাতৰ পৰা খসাইলা কঙ্কণ।
...   ...   ...   ...   ...
মাধৱক স্মৰিয়া মাৰিলা লক্ষ্য কৰি।
কাটিলেক মাথা তাৰ পড়িল বাগৰি॥