সমললৈ যাওক

পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
কৰ্ণ পৰ্ব্ব

সিদ্ধ মুনি বিদ্যাৰ গন্ধৰ্ব্ব চাৰণ।
বিমানে চৰিয়া আইলা অপেশ্বৰাগণ॥
স্বামী সমে ৰহিলা যতেক দেৱনাৰী।
আসিলা অসুৰগণ পাতালক চাৰি॥ ৪৪৪॥
অৰ্জ্জুনৰ পক্ষে ইন্দ্ৰ আদি দেৱগণ।
অৰ্জ্জুনৰ জয়হেতু কৰে ৰঙ্গ মন॥
সূৰ্য্য সম জ্বলয় অসুৰ নিৰন্তৰ।
ৰাক্ষসে পিশাচে জয় সাধে ৰাধেয়ৰ॥ ৪৪৫॥
এহিমতে আসি দুয়োদল নিৰন্তৰ।
নিশ্চলে বহিলা যেন দুখান সাগৰ॥
মাধৱে বোলন্ত যুদ্ধ আৰম্ভৰ কালে।
ইষ্টদেৱ শঙ্কৰক চিন্তিয়ো সকলে॥ ৪৪৬॥
অৰ্জ্জুনে বোলন্ত সখি তুমি মোৰ দেৱ।
তোমাৰ চৰণে লক্ষ কোটি কৰোঁ সেৱ॥
এহিবুলি কৃষ্ণক নমিলা ধনঞ্জয়।
পাচে প্ৰণামিলা দ্ৰোণ কৃপ মহাশয়॥ ৪৪৭॥
গাণ্ডীৱ ধনুক ধৰি নমি বাৰম্বাৰ।
পিতৃ মাতৃ প্ৰাণামিলা পাণ্ডুৰ কুমাৰ॥
পৰশু ৰামক গুৰু নমি ৰাধাসুত।
বিজয় ধনুক সিটো ধৰিলেক দ্ৰুত॥ ৪৪৮॥
মহাশব্দে ভীত ভৈলা সমস্ত লোকৰ।
একে লগে দুয়ো বীৰে কৰিলা প্ৰহৰ॥