পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কর্ণ পৰ্ব্ব ।

কৰ্ণে অৰ্জ্জুনক দেখে অৰ্জ্জুনে কৰ্ণক।
দুয়ো বীৰে ধনু ধৰি টঙ্কাৰিলা দুইক॥ ৪৩৮॥
দুয়োৰো শুক্ল চাৰি ঘোৰা চন্দ্ৰসম জ্বলে।
দুয়ো মন্ত্ৰ পঢ়িলন্ত আতি সুমঙ্গলে॥
সুবৰ্ণ কঙ্কন দুহানৰ হেম হাৰ।
ঝিলিমিলি প্ৰদীপৰ জ্যোতি যেন তাৰ॥ ৪৩৯।
ৰাতুল চৰণ দুইৰো নিতূল কায়।
যেন চন্দ্ৰ সূৰ্য্য আসি ভৈলা একঠাই॥
বলা বাসৱৰ যেন মিলিল সমৰ।
ৰাম ৰাৱণৰ যেন যুদ্ধ ঘোৰতৰ॥ ৪৪০॥
সুৰা সুৰ বিমোহিত দেখিতে বিষ্ময়।
একত্ৰে মিলিল যেবে কৰ্ণ ধনঞ্জয়॥
সিবেলাত যুদ্ধ এৰি কুৰু পাণ্ডুগণ।
কৰ্ণ অৰ্জ্জুনক বেঢ়ি চাৱে ঘোষৰণ॥ ৪৪১ ৪
কৰ্ণৰ হৰিষ বঢ়াই ৰাজা দুৰ্য্যোধন।
সম দলে জয় জোকাৰিয়া ঘনে ঘন॥
ভীম আসি অৰ্জ্জুনক বেঢ়ি সম দলে।
সিংহনাদ কৰিলন্ত শৰীৰৰ বলে॥ ৪৪২॥
কৰ্ণ অৰ্জ্জুনৰ যুদ্ধ চাহিবাক মনে।
আকাশ ঢাকিয়া ৰহিলন্ত দেবগণে॥
ইন্দ্ৰ দেৱ আসিলন্ত কুবেৰ নৈঋতি।
আসিলন্ত অষ্টবসু বায়ু ধনপতি॥ ৪৪৩॥