পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
কৰ্ণবধ।


কৌৰবদলত মহা চমক লাগিলা।
কতো পৰিলেক ঢলি কতো মুৰ্চ্চা গৈলা॥
মুত্ৰ পুৰিষক (১) এৰিলেক গজ বাজি।
সেনাগণে বোলে প্ৰাণ নৰহয় আজি॥ ৪১৭
অৰ্জ্জুনে পাইলেক আসি আৰ কিবা চোঁৱা।
প্ৰাণ ৰাখি আহা সবে দুৰক পলোৱা॥
অৰ্জ্জুন আসিলে পলাইবাৰ আশা নাই।
জানিলো আমাক যমপুৰে দিবে ঠাই॥ ৪১৮
তাসম্বাৰ বচন শুনিয়া দুৰ্য্যোধনে।
চক্ষু পকাই মাথা ফুৰাৱয় ঘনে ঘনে॥
অনন্তৰে ধনঞ্জয় মহা ধনুৰ্দ্ধৰ।
পশিলেক আপোনাৰ বেহুৰ ভিতৰ॥ ৪১৯
অৰ্জ্জুনক দেখি পাণ্ডৱৰ সেনাগণ।
গুচিলেক ভয় সবে ভৈলা ৰঙ্গ মণ॥
জানিলে এখনে বাসৱক নাহি ভয়।
এহি বুলি মহা ৰঙ্গে নাচে সেনাচয়॥ ৪২০
অনেক বাজনা বজাৱই ঠাই ঠাই।
পাণ্ডবীদলৰ আনন্দৰ সীমা নাই॥
যুযুধান পাঞ্চাল অপৰ বৃকোদৰ।
সবে বাই সমিপ চাপিলা অৰ্জ্জুনৰ॥ ৪২১
আথে বেথে নৃপতিৰ বাৰ্ত্তাক সোধয়।
সকল বৃতান্ত কহিলেক ধনঞ্জয়॥