পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
কৰ্ণবধ।


অৰ্জ্জুনৰ বচন শুনিয়া দামোদৰ।
উত্তৰক লাগি মুখ কৰি ঘোটকৰ॥ ২৬৫
ভাজনৰ *(২) কোবে তেজ বহয় ঘোৰাৰ।
যুদ্ধ ভূমি মধ্যে গৈয়া ভৈলা পয়োশাৰ॥
দণ্ড চত্ৰ নাহি, নাহি ৰথে দণ্ডধৰ।
বিপৰীত দেখি মন্যু *(৩) ভৈলা অৰ্জ্জুনৰ॥ ২৬৬
ভীমক সম্মুখে দেখি শোধে মহাবীৰ।
ৰণ ভূমি চাৰি কোথা গৈল যুধিষ্ঠীৰ॥
ভীমসেনে বোলে শুনিয়োক মহামতি।
মোক ৰণে বাহুৰাইল * ৪ কৰ্ণ সেনাপতি॥ ২৬৭
অনন্তৰে পশিলেক বেহুৰ ভিতৰ।
ৰাজাক খেদিয়া গই কৰিলা সমৰ॥
নৃপতিৰ সহ কৰ্ণে কৰি ঘোৰ ৰণ।
কৰিলন্ত নৃপতিক শৰে অচেতন॥ ২৬৮
অচেতন দেখি পাছে সাৰথি সুজান।
গৃহক লাগিয়া ডাকি নিলা ৰথখান॥
পলুৱাই নিলা ৰথ সাৰথি শিবিৰে।
জীৱন মৰণ নাহি জানি আতপৰে॥২৬৯
অৰ্জ্জুনে বোলন্ত তুমি যাও এতিক্ষণে।
ভাল, মন্দ, নৃপতি কি আছয় জীৱনে॥


২। চাবুক, ৪।হরুয়ালে। ৩, দুখ।