পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
কৰ্ণপৰ্ব্ব


ভীমসেন আদি পাণ্ডৱৰ বীৰ যত।
কৌৰৱৰ সঙ্গে যুদ্ধ কৰে যিথানত॥ ২২৩
তৈকে লাগি চলিলেক মাদ্ৰীৰ তনয়।
হাতে ধনুধৰি কৰ্ণে চাহিয়া আচয়॥
সহদেব বীৰৰ গলত ধনু দিয়া।
সমিপক লাগি কৰ্ণে আনিল টানিয়া॥ ২২৪
হাসিয়া বচন বুলিলেক সেনাপতি।
মৰিবাক লাগি কোনে আইলি মন্দমতি॥
তোৰ মনে মমা মোৰ সাৰথি কৰ্ণৰ।
সিকাৰণে জানো মোক নকৰস ডৰ॥২২৫
তোৰ মমা মদ্ৰকে পাৱয় বৰ দুখ।
কোনমতে ভাতৃ সবে চাৱে তোৰ মূখ॥
শৈল্যৰ কাৰণে প্ৰাণ ৰাখিলোহো তোৰ।
যি থানত সহদেব নাম শুন মোৰ॥ ২২৬
তৈৰ পৰা সহদেব থাকিবি পলাই।
কৰ্ণক যুঁজিলো হৱে এনুয়া বিলাই॥
বিদায় দিলোহোঁ মই যাই যথা তথা।
অৰ্জ্জুন আসিলে যেন কহ মোৰ কথা॥ ২২৭
এহি বুলি গলৰ গুচাইলা ধনুখান।
ম্লান মুখে সহদেৱ গৈলা নিজ স্থান॥
যেবে সহদেব গৈলা আপোন সেনাক।
যি কৰিলে কৰ্ণে ৰাজা শুনা কহো তাক॥ ২২৮