পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।

চাৰি গোটা ঘোটক টাড়িলাা চাৰি বাণ।
ঈশ দণ্ড ধ্বজক কৰিলা খান খান॥ ১৯১
তিন শৰ হানিলা ভীমৰ ললাটত।
শৃঙ্গ সমন্ধিতে যেন শোভয় পৰ্ব্বত॥
কোপে কম্পমান তনু বীৰ বৃকোদৰ।
ধৰিলেক ধনুখান আতি ভয়ঙ্কৰ॥ ১৯২
মেঘৰ গৰ্জ্জন সম কৰিলা টঙ্কাৰ।
মুঠিতে সে ধনুখান কাটিলা ৰাজাৰ॥
এক অৰ্দ্ধচন্দ্ৰে শিৰ কাটি সাৰথিৰ।
কুড়ি শৰ হাণি ৰথ কাটিলাহা বীৰ॥১৯৩
একশত শৰ প্ৰহাৰিলা নৃপতিক।
পুনৰপি কুড়ি শৰ প্ৰহাৰিলা যাক॥
ৰথ, ধ্বজ, সাৰথি, সকল হৈলা হত।
অনন্তৰে তযুপুত্ৰ ভৈলা ভূমি গত॥১৯৪
ধৰিলা শকটি গোট আতি ভয়ঙ্কৰ।
সহস্ৰ টোৰণ (১) লগাই আছে সুবৰ্ণৰ॥
নানা মণি মৰকতে কৰি জাতিষ্কাৰ।
বাসৱৰ বজ্ৰ যেন পৰম সুসাৰ॥ ১৯৫
অগ্ৰভাগ দেখি যেন হৰৰ ত্ৰিশূল।
গাৱত পৰিলে হৱে সমস্তে নিৰ্ম্মুল॥


১*লটকন