পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
কৰ্ণপৰ্ব্ব।


আসোয়াৰে আসোয়াৰে যুজে খাণ্ডা ধৰি।
ৰথীয়ে ৰথীক যুজো মহাকোপ কৰি॥
দন্তালে দন্তালে যুজে দান্তে দান্ত ভিৰি।
কাৰো পেট দান্ত দিয়া পেলাৱয় চিৰি॥১৩৫
কাৰো উৰু, বাহু, শিৰ পেলাৱয় ছেদি।
কাৰো শৰে হৃদয় মধ্যত থৱে ভেদি॥
কাৰো কঙ্কালক কাটি দুই খান কৰি।
খড়গ সমম্বিতে হাত কাটে শৰ ধৰি॥ ১৩৬
কাৰো কেশে ধৰিয়া চাহন্ত কাটিবাক।
মাথা ফুৰাৱয় যেন কুমাৰৰ চাক॥
কতো পলাইয়া যাই কতো আসে খেদি।
সকূণ্ডলে কাৰো শিৰ পেলাৱয় ছেদি॥ ১৩৭
খাণ্ডা ধৰি দাঠি কেহো ঘোৰা ছাটি দিয়া।
দান্ত সমন্বিতে মুণ্ড পেলায় ছেদিয়া॥
শুৰ কটা হস্তীয়ে ফুৰন্ত কোপ কৰি।
আপোন পৰৰ সেনা মাজে ধৰি ধৰি॥ ১৩৮
কাৰো ৰথ সাৰথিক কাটিলেক ধৰি।
খালা ৰথ খান ফুৰে কৰি লৰা লৰি॥
ঘোৰা ছুটি দিয়া অসোয়াৰিৰ কাটে ঘাৰ।
ঘেটিক সহিতে কেহো যাই যমঘৰ॥ ১৩৯
ভৈলেক দোৰ্ঘোৰ ৰণ কুৰু পাণ্ডৱৰ।
হয় হস্থী সেনাগণ গৈলা যমঘৰ॥