পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ


মৰিল পদাতি যত লেখা জোখা নাই।
পৰ্ব্বত সমান পৰি আছে ঠাই ঠাই॥ ১৪০
আগতে মৰয় পিতৃ ভ্ৰাতৃ সহোদৰ।
খুড়া জেঠা মামা মৰি যাই যমঘৰ॥
নিজ শশুৰৰ পুত্ৰ কাৰো মৰি যাই।
কাতো আৰ্ত্তনাদ কৰি কান্দে তাক চাই॥ ১৪১
এহিমতে মহা ঘোৰ মিলিলেক ৰণ।
মহাকোলাহলে কাৰো নুশুনি বচন॥
প্ৰজাৰ যুদ্ধত তিনি মুহুৰ্ত্তেক গৈলা।
শুনা ধৃতৰাষ্ট্ৰ পাছে যেন কথা ভৈলা॥ ১৪২
শৈলক বোলন্ত হাসি কৰ্ণ সেনাপতি॥
শীঘ্ৰে ৰথ খান মোৰ ডাকিয়ো নৃপতি॥
ব্যেহুৰ মুখত দেখা আছে বৃকোদৰ।
তাঙ্ক পৰাজয় কৰি পশিবো ভিতৰ॥ ১৪৩
কৰ্ণৰ বচনে ৰথ মদ্ৰকে ডাকিলা।
নিমিষেকে নিয়া ভীম সম্মুখে ৰাখিলা॥
হাহি হাহি ভীমক বোলন্ত বীৰকৰ্ণে।
ব্যেহুৰ দুৱাৰ এৰ মোহোৰ বচনে॥১৪৪
শকট দুৱাৰ যদি নেৰ দুৰাচাৰ।
আজি মোৰ হাতে তোৰ নাহিকে নিস্তাৰ॥
শৰ শ্ৰম নজান, নজান যুদ্ধ ধৰ্ম্ম।
বিস্তৰ খাইতে পাব তোৰ এহি কৰ্ম্ম॥ ১৪৫