পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
কৰ্ণবধ।


শ্ৰীকৃষ্ণ আৰু অৰ্জ্জুনৰ যাত্ৰা॥


পদ—কোপে ধনঞ্ছয় সংগ্ৰাম মাজে।
 ছত্ৰিশ বাজনা একত্ৰে বাজে॥ ১০৬
 প্ৰচণ্ড কোদণ্ড গাণ্ডীব হাতে।
 নানা মণি ৰত্ন প্ৰকাশে তাতে॥
 সংগ্ৰাম সাজে বীৰ চূড়ামণি।
 দশো দিশে শুনি মঙ্গল ধ্বনি॥ ১০৭
 সুবৰ্ণৰ সূৰ্য্য় জ্বলে আকাশত।
 হেনয় ১ সন্নাহা শোভয় গাৱত॥ ১০৮
 ৰত্নৰ কুণ্ডলে প্ৰকাশে গণ্ড।
 প্ৰজ্বলিত যেন অগণি খণ্ড॥১০৮
 হয়, হস্তী, ৰথ, সেনাৰ তৰে।
 পলাই নাগ, নৰ জীৱন ডৰে॥।
 কম্পে বসুমতী ধৰণী ধৰ।
 ধূলায়ে আন্ধাৰ ভৈল অম্বৰ॥১০৯
 পাণ্ডৱৰ সেনা সবে প্ৰচণ্ড।
 জ্বলি আছে যেন অগণি কুণ্ড॥
 পৰশু, পট্টিশ, গদা, ত্ৰিশূল।
 শকতি, তম্বৰু, ভূখণ্ডী, শূল॥ ১১০


১ কৱচ।