পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিমিসেকে ৰণ ধৰণী পাই।
ৰাখিলা ৰথ দেব যদুৰাই॥
গুৰুগোপালক ধৰিয়া মনে।
দুইৰথ যুদ্ধ ভনে পঞ্চাননে॥ ১১৪॥
( কুৰু পাণ্ডবৰ যুদ্ধ)
সঞ্জয় বদতি ৰাজা শুনা একমনে।
পাছে কি কৰিলা পাণ্ডবৰ বীৰগণে॥
ভীমসেন যুযুধান পাঞ্চাল অপৰ।
হয় হস্তি সেনাগণ যত পাণ্ডৱৰ॥ ১১৫