পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।


অনন্তৰে সেহি নিশি,  অৰ্জ্জুন সহিতে বসি,
 কৰিলন্ত কৃষ্ণে আলোচনা।
কৰ্ণ সেনাপতি যাৰ, পৰাজয় নাহি তাৰ,
 যুদ্ধে যেন দেখি হুতাশন॥
সাৰথিৰ যেন কৰ্ম্ম, ৰথ ৰাখিবাৰ ধৰ্ম্ম,
 সবে জানৈ মদ্ৰক নৃপতি।
পঞ্চাননে বোলে সাৰ,  তুমি বিনে নাহি আৰ,
 পাণ্ডৱগণৰ যদুপতি॥ ৪৫

পদ।

যুধিষ্ঠীৰৰ খেদ, আৰু শ্ৰীকৃষ্ণৰ বুজনি॥

সঞ্জয় বদতি কথা শুনা নৰেশ্বৰ।
অৰ্জ্জুন সিথানে বসিলা গদাধৰ॥
অৰ্জ্জুনক সম্বোধি মাতিলা নাৰায়ণ।
কেনমতে হৈবে সখি কালিকাৰ ৰণ॥ ৪৬
জগতে বিদিত ৰাধাসূত মহাবল।
যাৰ পয়োভৰে বসুমতী যাই তল॥
মহাবলৱন্ত ৰণে পণ্ডিত সুজান।
বীৰগণ মধ্যে যাৰ পৰ নাহি আন॥ ৪৭