পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।


এক এক পোৱা স্বৰ্ণে,  গায়ে গায়ে দ্বিজগণে,
 পৰম আনন্দে ৰাজা দিলা।।
বিপ্ৰক বিদায় কৰি, মুনিন্দ্ৰ ব্ৰতক ধৰি,
 কৰিলন্ত হৰিষে ভোজন।
সিটো বস্ত্ৰ পৰিত্যাগ,  কৰি পছে মহাভাগ,
 পিন্ধিলন্ত দেৱাঙ্গ বসন।। ৪২
চিন্তামণি শৰীৰত,  নানা মণি মৰকত,
 প্ৰকাশ কৰন্ত নিৰন্তৰ।
ৰত্নময় সিংহাসন, আতিবৰ বিতোপণ,
 বসিলন্ত তাতে নৰেশ্বৰ।
মুৰৰ ওপৰে পাছে,  শ্বেত চত্ৰ ধৰি আছে,
 দুই পাসে চামৰে বিঞ্চই।
আনো নানা ৰজাগণ, সতত মাগিধগণ,
 নৃপতিৰ গুণ বখানই॥ ৪৩
হুয়া সবে কুতুহল, কাশি ৰাজা মহাবল,
 ম্লেচ্ছ আদি যতেক নৃপতি।
ধৰ্ম্মক প্ৰণাম কৰি,  বসিলন্ত সাৰী সাৰী,
 শুদ্ধ যে একান্ত যাৰ মতি।।
ভীমসেন মাদ্ৰি সূত, চলি গৈলা মহাদ্ৰুত,
 নৃপতিক কৰি নমস্কাৰ।
তিনি ভাই একঠাই,  বামত বসিলা যাই,
 নিশঙ্ক হৃদয় মন যাৰ। ৪৪