পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
কূৰ্ম্মৱলী-যুদ্ধ

স্নান কৰি আসি ৰাজাৰ মহিষী।
 চক্ষুমেলি চাইলা পাছে।
দেখন্ত তহিত আকাশ ঢাকিয়া
 অনেক বিমান আছে॥
দেখিয়া দেবীৰ হৰিষ মনত
 বুলিলা সবাক চাই।
এতিক্ষণে মোক পঠাৱা ত্বৰিত
 বিলম্বক নযুৱাই॥৩১৭
এহিবুলি দেবী দেৱতা সবক
 কৰিলেক নমস্কাৰ।
ইন্দ্ৰ চন্দ্ৰ আদি সমস্তে দেৱক
 প্ৰণামিলা বাৰম্বাৰ॥
সেহি ভস্ম ধৰি প্ৰদক্ষিণ কৰি
 চৰিলা চিতাত পাছে।
দেখি নৰ নাৰী চাহে শাৰী শাৰী
 এক দৃষ্টি চাহি আছে॥৩১৮
নৃপতিৰ গুৰি হিয়াত বান্ধিয়া
 চিতাত কৰি শয়ন।