পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
 

গঙ্গাৰ বাহিনী   নামে সুভাগিনী
 আছে মহাতীৰ্থ বৰ॥৩১৪
কালভদ্ৰ বীৰে   কৰিলা আদেশ
 যতেক সেনা প্ৰধান।
মহা বিতোপন   অগৰু চন্দন
 সাজিলেক চিতাখান॥
চিতাক সাজিয়া   কালভদ্ৰ বীৰে
 আসিলেক বেগ ধৰি।
সসৈন্য সহিতে   ৰাজ-মহিষীক
 নিলা চৌদলাত কৰি॥৩১৫
যৈত কূৰ্ম্মৱলী   ভস্ম হুয়া আছে
 তাহাৰ ধূলি আনিলা।
সমস্ত ধূলিক   একস্থান কৰি
 দেবীৰ হাতত দিলা॥
দেখি পটেশ্বৰী   মহা যত্ন কৰি
 তুলি লৈলা বিদ্যমান।
নৃপতিৰ ধূলি   বালি সমন্বিতে
 কৰিলেক এক স্থান॥৩১৬