পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কুৰ্ম্মৱলী-যুদ্ধ ৷

শিখৰ সিন্দুৰ কৰিলি খণ্ডিত
 জীৱন আমাৰ ধিক॥ ২৯৭
এবে কাক মই শুশ্ৰূষা কৰিম
 চৰণ সেৱিবো কাৰ।
স্বামী সূৰ্য্য মোৰ অস্ত গৈলা আজি
 দিনত ভৈলা আম্বাৰ॥
পঞ্চামৃতে নিতে কাক দিম অন্ন
 সুবৰ্ণ থালে ভৰাই।
পঁচিশ ব্যঞ্জন হয় নানা মত
 উপমাক নাহি ঠাই॥২৯৮
সুগন্ধ ওলক দিবো আনি কাক
 সুবৰ্ণ ভৃঙ্গাৰ ভৰি৷
কৰ্পৰ তাম্বুল দিবো আনি কাক
 দিব্য সফুৰাত কৰি॥
এবে কোনে মোক স্নেহে মাতিবেক
 হসিত কৰি বদন।
দোষ গুণ মোৰ নধৰিলা মনে
 আমাৰ বুজিয়া মন॥২৯৯