পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
কূৰ্ম্মৱলী-যুদ্ধ।

আকাশত আদিত্যৰ স্থিৰ ভৈলা গতি।
কৈলাশত সচকিত ভৈলা পশুপতি॥
ব্ৰহ্মলোকে ভাঙ্গিলেক ব্ৰহ্মাৰ ধিয়ান।
সমুদ্ৰত ঢউ উঠে পৰ্ব্বত সমান॥২৭৩
উলটিয়া বহে নদ নদী সৰোবৰ।
পৃথিবী আকাশ হাহাঁকাৰ নিৰন্তৰ॥
শৰ মুখৰ হন্তে অগ্নি বাহিৰায়।
ডৰে পৃথিবীক দেৱ আসিলা পলায়॥২৭৪
নিশৱদ পশু পক্ষী পিশাচ সকল।
ধুমে বিয়াপিলা সবে ধৰণী সণ্ডল॥
কুৰু কূৰ্ম্মঠেৰ সেনা ভৈলা মহাত্ৰাস।
আই বাপা বুলি সবে পাৰয় আটাস॥২৭৫
মহাবেগে শৰপাত চলে আকাশত।
প্ৰলয়ৰ বহ্নি যেন দেখি সেহি মত॥
শীঘ্ৰবেগে চলে আকাশৰ পথ ভেদি।
গৰুড় চলয় যেন সৰ্পগণ খেদি॥২৭৬
সেহিমতে ব্ৰহ্মাৰ শকতি খেদি ধৰি।
পৃথিবীত পেলাইলেক চুৰ্ণাকৃত কৰি॥