পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
কূৰ্ম্মৱলী-যুদ্ধ।
কূৰ্ম্মৱলীৰ পতন।

হেন দেখি কূৰ্ম্মৱলী পৰম ক্ৰোধত।
ব্ৰহ্মাৰ শকতি পাত জুৰিলা গুণত॥
প্ৰলয়ৰ বহ্নি যেন শকতি দুৰ্জ্জয়।
অযুত সূৰ্য্যৰ তেজ প্ৰকাশ কৰয়॥১৬৯
শৰৰ প্ৰতাপে সৰ্ব্ব পৃথিবী লৰিলা।
মন্দৰ গিৰিত যেন ধমক লাগিলা॥
সকল পৃথিবী নদী নদ ভয় ভৈলা।
আকাশৰ তাৰাগণ খসিয়া পৰিলা॥১৭০
দেখি দেৱলোকৰ ভৈলেক মহাত্ৰাস।
কুৰু কূৰ্ম্মঠেৰ সবে মনত উল্লাস॥
হেন দেখি গঙ্গা-সুত গুণয় মনত।
মহেশৰ শৰপাত জুৰয় গুণত॥২৭১
ৰুদ্ৰ মন্ত্ৰ জাপ্য তাতে কৰিলা বিস্তাৰ
কম্পে বসুমতী নসহয় পায়া ভৰ॥
অন্ত ভৈল নাগলোক নক্ষত্ৰ সকল।
ফাত দিয়া ধৰণী কৰয় টল বল॥২৭২