পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কূৰ্ম্মৱলী-যুদ্ধ।



দুহানৰ শৰে দোহে ভৈলা জৰ্জ্জৰিত।
শৰীৰৰ মাংস ছিণ্ডি পৰয় ভূমিত॥১৯৮
সেহিবেলা কালভদ্ৰ মুনিষ প্ৰধান।
ছিদ্ৰ পাই কৰ্ণৰ কাটিলা ধনু খান॥
শৰীৰত প্ৰহাৰে প্ৰচণ্ড শৰচয়।
মূৰ্চ্ছা যাই পৰিলেক ৰাধাৰ তনয়।১৯৯
কতো বেলি চেতন লভিলা ৰাধা-সুত।
মনে মনে বোলে কিনো বীৰ অদভূত॥
ভালেতো ইহাৰ ভয়ে কম্পে ত্ৰিজগত।
কোন বস্তু দুঃশাসন ইহাৰ আগত॥২০০
এহি বুলি ধনু তুলি লৈলা কোপমনে।
দেখি কালভদ্ৰে কাটিলেক তাৱক্ষণে॥
আন ধনু কৰ্ণে তুলি লৈলেক সম্প্ৰতি।
তাকো কাটিলেক কালভদ্ৰ সেনাপতি॥২০১
এহিমতে কৰ্ণে ধনু লয় যত যত।
শৰহানি কালভদ্ৰে কাটয় সমস্ত॥
শৰীৰক ভেদিলেক অসংখ্যাত বাণ।
বিমূৰ্চ্ছিত ৰাধা-সুত কণ্ঠাগত প্ৰাণ॥২০২