পৃষ্ঠা:কূৰ্ম্মৱলী-যুদ্ধ.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কুৰ্ম্মৱলী-যুদ্ধ।



যেন ভয়ঙ্কৰ সৰ্প পশিলা গৰ্ত্তত।
বিমূচ্ছিত হই বীৰ পৰিলা ৰথত॥১৯৪
কতোবেলি চেতন লভিলা বীৰবৰ।
বাক্য গদ গদ মুখে পৰয় ৰুধিৰ॥
কৰ্ণক লাগিয়া বীৰে শৰ বৰষিলা।
আকাশৰ মেঘ যেন বৰিষয় শিলা॥১৯৫
দিনতে আন্ধাৰ দেখে নেদেখে প্ৰসন্ন।
দুইকো দুই অথাকে [১] বৰিষে শৰগণ।
পাছে দুই ক্ৰোধ কৰি শৰ বৰষিলা।
দুহানৰ শৰ দুইয়ো সমস্তে কাটিলা॥১৯৬
অন্ধকাৰ গুচি ভৈলা আকাশ প্ৰসন্ন।
দুইকো দুই অথাকে বৰিষে শৰগণ॥
অন্ধকাৰ ফেৰি হৈলা আকাশ উজ্জ্বল।
দুইয়ো মহাৰথী বীৰ দুয়ো মহাবল॥ ১৯৭
দুইকো দুই সমৰে নকৰে পাছ ভৰি।
দুইকো দুই কোঁপ কৰি শৰ এৰাএৰি।

  1. অপাকে—অবিৰাম