পৃষ্ঠা:কুলাচল বধ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
কুলাচল-বধ।

হেন শুনি খঙ্গে দুয়ো মাতে গল তৰি।
মানুষ শকতি হেন কৰ্ম্ম আছ কৰি॥
মৰিবাক প্ৰতি কিছু ভয় নকৰিলি।
আপোনৰ অনুতাপ আপুনি চিন্তিলি॥
শুন অৰে মানুষিয়া টেটুন আচাৰ।
কেন হেন মতে মাৰ সৈন্য আমাসাৰ॥
আজি তোমাৰাৰ মৃত্যু সন্নিত চাপিল।
এহি বুলি দুয়ো বীৰে শৰ প্ৰহাৰিল॥
দশোদিশ আকাশ ঢাকিল নিৰন্তৰে।
বাৰিষা কালত যেন মেঘে বৃষ্টি কৰে॥
আরু তাৰ লগৰ যতেক বীৰ চয়।
সিসবেয়ো মহাঘোৰ শৰ বৰিষয়॥
ধনঞ্জয়ে বোলে দদা কিবা চাহা আৰ।
দানৱ গণক শীঘ্ৰ কৰা প্ৰতীকাৰ॥
হেন শুনি ভীমে পাছে ঘোৰ গদা ধৰি৷
কোবাইবে লাগিলা মহা সিংহ নাদ কৰি॥
গদাঘাতে শত শত দানৱ মৰয়।
তথাপিতো কেহ পাছ ভৰি নকৰয়॥
প্ৰহাৰে ভীমক শেল শূল শৰঞ্জয়।
চট চটী কৰি আসি নিলঙ্ঘি ফুটয়॥