পৃষ্ঠা:কুলাচল বধ.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভণে কবিচদ্ৰে, এড়ি আন কাম,
 বোলে সবে ৰাম ৰাম॥ *॥

——0——

পদ।

পক্ষিগণে বোলে শুনা জৈমিনি বৰ।
যুধিষ্ঠিৰ ৰাজা গৈয়া চাপিলা ওচৰ॥
দেখি শ্বেতকেতু মুনি হৰিক স্মৰিলা।
কোন তুমি সব বুলি পুচিবে লাগিলা॥
দিব্যৰূপে ভূষিত মনুষ্য চাৰি জন।
আৰু জন দেখোঁ মহাৰাজাৰ লক্ষণ॥
অযোনি সম্ভবা এই ৰমণী ৰতন।
সৰ্ব্বসুলক্ষণা লক্ষ্মীতুল্যা বিতোপন॥
ইটো ঘোৰবনত ভ্ৰমিয়া ফুৰা কেনি।
দেব কি মনুষ্য একো নিৰ্ণয় নাজানি॥
বাণ্টকৰি কহা আমি হওঁ চিনা জানা।
তোমৰা সবক দেখি লাগয় বহনা।
ধৰ্ম্মপক্ষিগণে বোলে শুনিয়ো জৈমিনি।
ঋষিৰ বচন ধৰ্ম্মৰাজে পাছে শুনি॥
কহিবে লাগিলা শৰে পূৰ্ব্বাপৰ যত।
ধৃতৰাষ্ট্ৰ নামে ৰাজা হস্তিনা পুৰত॥