পৃষ্ঠা:কুলাচল বধ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
কুলাচল-বধ

তাহান ভাতিজা জানা আমি পঞ্চজন।
পাণ্ডুৰ স্থলত ভৈলা আমাৰ জনম॥
দ্ৰোপদৰাজাৰ জীৱ এহেন্তে দ্ৰৌপদী।
অগণিত জাত মহাহোমকুগু ভেদি॥
আমি পাঞ্চ ভাই মাজে এন্তে বৰনাৰী।
বনত ফুৰোহোঁ পাছে ৰাজ্যভাৰ হাৰি॥
জ্যেষ্ঠপিতা পুত্ৰ আছে নামে দুৰ্যোধন।
তেহে লভি আছে আমাসাৰ ৰাজ্যধন॥
কুট পাশে আমাৰ সৰ্ব্বস্ব কাঢ়ি নিল।
পাঞ্চগুটী ভাই আমি বনক খেদিল॥
মোৰ নাম যুধিষ্ঠিৰ আন নাম ভীম।
অৰ্জ্জুন ইহান নাম গুণত অসীম॥
নকুল সহদেব এহি যৱঞ্জ কুমাৰ।
পাঞ্চোজন বনবাসী কহিলোহোঁ সাৰ॥
তোমাক দেখিবে লাগি পৰম কৌতুক।
ভাৰ্য্যাসমে পাঞ্চোভাই আসিলোহোঁ ঐক॥
হেন শুনি মুনিবৰে অল্প হাস্য কৰি।
বুলিবে লাগিলা বাক্য বিষ্ণু বিষ্ণু স্মৰি॥
কিনো মহা শুভদিন মিলিল আমাৰ।
আশ্ৰমে লভিলো তোৰা সব সস্তুসাৰ॥