পৃষ্ঠা:কুলাচল বধ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
কুলাচল-বধ ৷


দুলড়ি।

শুনা বীৰ চাৰি, আমাৰ আশয়,
 যাইবাক মনো নুধাই।
তথাপিতো সিটো,  ক্ষেত্ৰৰ মহিমা,
 শুনি যাইবে ইচ্ছা যাই॥
দেখা মুনিবৰ, ইচ্ছা ঈশ্বৰৰ,
 কোনে বাধিবাক পাৰি।
হৃদয়ে প্ৰকাশি, চলাৱন্ত হৰি,
 পাণ্ডৱৰ ভ্ৰাতৃ চাৰি॥
ৰাজাৰ বচন, শুনি বীৰবৰ,
 ধনঞ্জয়ে মাতিলন্ত।
কুলাচল বীৰ, আমিয়ো চাহিবোঁ,
 কিমানৰ শক্তি মন্ত॥
ভীমে বোলে দদা' শুনা মহীপাল,
 বিদায় লৈয়ো মুনিত।
কত দিনমানে, পাইবোহোঁ চলিয়া,
 ক্ষীৰবন মনোনীত॥
দুঃখ পাইবে প্ৰতি, উল্লাসিত চিত্ত
 দেহা অতি উত্ৰাৱল।