পৃষ্ঠা:কুলাচল বধ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
কুলাচল-বধ ৷

ঋষিত মেলানী, মাগিয় প্ৰভাতে,
 উঠিলা সাজি সকল॥
ঋষিক প্ৰণামি, পাণ্ডুৰ নন্দন,
 বজাইলন্ত যাত্ৰা কৰি।
আগে চলে ভীম, পাছে তিনি ভাই,
 মধ্যে চলে বৰনাৰী॥
উত্তৰৰ পথ, ধৰি চলি যান্ত,
 এড়াই গুহা গিৰিচয়॥
কতিপয় মাসে, পাইলা যাই পাছে,
 কুলাচলৰ আলয়॥
কিশোৰ বনত, বাস কৰি ৰৈলা,
 দমঘোষ নদীতীৰে।
শ্বেতকেতু মুনি, তথাত আছয়,
 গান্ধাৰ গিৰি কাখৰে॥
গান্ধাৰ গিৰিক, ব্ৰহ্মা আসি থাকে,
 মুনিগণ সঙ্গ কৰি।
মহা মন, পৰম গহন,
 নাহি যাৰ সৰিবৰি॥
সেহি স্থান পায়, পাণ্ডব সকলে,
 কৈলা গৃহ বাড়ী ঘাট।