সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১০
কুলাচল-বধ৷

যদুকুলে হৰি,  জন্মিয়া আসিয়া,
 ক্ষিতি ভাৰ দূৰ কৈলা।
এহিমানে গুণি,  ব্ৰাহ্মণ সবৰ,
 কিছু মনে কোপ ভৈলা॥
আমাৰ জীবিকা,  মান্যভঙ্গ হৱে,
 এহি মনে বড় ভয়।
এহিসে কাৰণে,  ইটো বিপ্ৰসবে,
 শঙ্কৰক নসহয়॥
হেনয় মহন্ত,  নৰ নাৰায়ণ,
 নৃপতিত শ্ৰেষ্ঠতৰ।
আমাৰে আনিয়া,  আজ্ঞা কৰিলন্ত,
 পদ কৰা ভাৰতৰ॥
তাঁহাৰ অজ্ঞাত,  বিৰচিলোঁ আমি,
 চৌবিশ হাজাৰ পদ।
মূল শ্লোক আৰ,  ত্ৰিংশ যে হাজাৰ,
 ব্যাসৰ মুখ নিবন্ধ॥
যিটো জনে ইটো,  নুয় বুলি কয়,
 সেহিটো মূৰ্খ পামৰ।
কৃষ্ণ চৰিত্ৰৰ তত্ত্বক নুবুজে
 কূপত ডাভুৰী মৰ॥