পৃষ্ঠা:কুলাচল বধ.djvu/৪১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১১
কুলাচল-বধ।

হেন জানি সবে,  শুদ্ধ বুধ লোকে,
 জানি এক মন কৰা।
তন্ত্ৰ মন্ত্ৰ পুজা,  সবে এড়ি মাত্ৰ,
 শ্ৰবণ কীৰ্ত্তন ধৰা॥
ভাৰত ভূষণে, কহে ইটো কথা,
 সমাপত এহিমান।
আন কাম এড়ি, বোলা হৰি হৰি,
 বৈকুণ্ঠত পাইবা থান॥

সম্পূৰ্ণ