সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০০
কুলাচল-বধ।

ব্ৰজবাসী সকলৰ ভয় কৈলা দূৰ।
গোবৰ্দ্ধন ধৰি ৰাখিলন্ত ব্ৰজপুৰ॥
অসংখ্য হাজাৰ গোপী কৰি এক মেলি।
ৰঙ্গে বৃন্দাবনে কৰিলন্ত ৰাসকেলি॥
ভয়ঙ্কৰ অৰিষ্ট দানব বধিলন্ত।
পাছে কংস নৃপতিত নাৰদে কৈলন্ত॥
কংসে পাঞ্চিলেক আসি নিলন্ত অক্ৰুৰ।
গোপগণ সঙ্গে পশিলন্ত মধুপুৰ॥
ভাঙ্গিলা কংসৰ ধনু তিনি তালমান।
কুজিকাক ঝজু কৈলা ৰমণী প্ৰধান॥
ভয়ঙ্কৰ কুবলয় হস্তীক মাৰিলা।
চানুৰ প্ৰভৃতি মালসব সংহাৰিলা॥
অযুত হস্তীৰ বলধৰে কংস ৰাই।
দেৱদিয়া ছুলে ধৰি পেলাইলা খসাই॥
ভূমিত পেলায়া তাক পিটীকি মাৰিল।
পিতৃৰ মাতৃৰ পাছে বন্ধন চুৰিল॥
মহাৰাজা জৰাসন্ধ পৰম দুৰ্ব্বাৰ।
মাধবত হাৰিলেক অষ্টাদশবাৰ॥
যদুকুল বিভূষণ প্ৰভুদেব হৰি।
সাগৰ মধ্যত সাজি ৰত্নময় পুৰি॥