পৃষ্ঠা:কুলাচল বধ.djvu/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কুলাচল-বধ।
৩৯৯
 

অনন্তো হুইবেক জন্ম আরু মহামায়া।
এহি আজ্ঞা সমাধিত ব্ৰহ্মাদেৰে পায়া॥
এহিমতে সকল দেবতা দেবী যত।
সৰস্বতী মুক্ষকৰি আসিলা সমস্ত॥
যাক বোলে দেবকী আমাৰ মামী হয়।
তাহান্তে জন্মিলা আসি কৃষ্ণ কৃপাময়॥
চতুভুৰ্জ ৰূপে আসি বেকত ভৈলন্ত।
সকলে কাহিনী পিতৃ মাতৃত কৈলন্ত॥
তেখনে ধৰিল, মায়াবেশ বালকৰ।
অনন্ত মহিমা ইচ্ছাময় যোগেশ্বৰ॥
পলুৱাই নন্দঘৰে বহুদেৰে থৈল।
নন্দৰে দৈত্যসব বধিবাক লৈল॥
পঞ্চম মাসত কৃষ্ণদেৱ নাৰায়ণ।
স্তন্যপানে পূতনাৰ শুষিলা জীবন॥
শকটক ওতোটাইলা তৃণাবৰ্ত্ত পাত।
অৰ্জ্জুনক উভাঞ্জিলা দেব জগন্নাথ॥
সৰ্পৰূপী ভয়ঙ্কৰ অঘক মাৰিলা।
বৰু দানৱক যেন বিৰিণা চিৰিলা॥
ব্ৰহ্মাকো মোহিলা কালী কৰিলা দমন।
ঘোৰ বনাগ্নিক পান কৈলা নাৰায়ণ॥