পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৭
কুলাচল বধ৷

যিসব বুলিলা মানে সকলে শোভন।
কিন্তু বনে আইলোঁ মহন্তক দৰিশন॥
বৈষ্ণব সম্ভাষি তীৰ্থযাত্ৰাক আচৰি।
এহিসে কাৰণে হুয়া আছোঁ দেশান্তৰি।৷
এতেকেসে তযু ৰাজ্য নকৰো ঘেনন।
দুৰ্য্যোধন মাৰিবাৰ কোন প্ৰয়োজন।৷
জগতৰ নাথ হৰি যাহাৰ সহায়।
কোন বস্তু ৰাজ্য মুখ বন্ধ পদপায়।৷
সবাতো কৰিয়া শ্ৰেষ্ঠ সাধু সম্ভাষণ।
সন্তৰ সঙ্গত হৰি থাকা সৰ্ব্বক্ষণ॥
এতেকেসে বোলা আরু নলাগে বুলিত।
তযু দৰশনত সমন্তে ভৈল হিত।৷
হেন শুনি কৰ্ণৰাজ শঙ্কোচিত ভৈল।
আমাৰ সেবাক তুমি একো নেঘেনিলা।৷
বপুসুতে বোলে মুনি শুনা মহাজন।
পুনৰপি ৰাজা চাই বুলিলা বচন।৷
ঈশ্বৰ কৃষ্ণৰ আৰু জন্ম কৰ্ম্ম যত।
কোনমুখে কোন কালে কোনবা দেশত৷৷
কিবাহেতু নৰৰূপ ভৈল ভগৱন্ত৷
ব্ৰহ্ম নিৰাকাৰ যিটো অনাদি অনন্ত৷৷