পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯৬
কুলাচল বধ৷

সত্য কৰি বোলোহোঁ শুনিয়ো চাৰিভাই
মিত্ৰ বান্ধবৰ হিত চিস্তিবে যুৱাই॥
বুদ্ধিবলে আঁটি যিটো মিত্ৰৰ কাৰ্য্যক
নকৰয় সিটোজন চলে নৰকক॥
নালাগে আক্ৰান্ত ৰথে উঠা এতিক্ষণ।
দুৰ্য্যেধন সবংশক কৰি এড়ো চন্ন॥
উঠা চাৰিবীৰ হৰিষিত কৰি মন।
তেবেসে সফল হোৱৈ মেহোৰ জীবন।৷
বুলিবাহা যদি ছলে বলে কি নপাৰোঁ।
ভ্ৰাতৃবন্ধু বলি তাক স্নেহতে নামাৰোঁ।
তোমৰাৰ দয়া আমাৰৰ কিছু নাই।
যদি তথা নযাৱা শুনিয়ো অভিপ্ৰাই।৷
অক্ষৌহিনী সেনা মোৰ হোৱয় বিংশতি।
তাৰ অৰ্দ্ধভাগ দিয়া পাতোহো নৃপতি।৷
দুতয় কাৰ্য্যৰ এক কৰিয়ো নৃপতি।
তেৱেসে আমাৰ হোৱে সফল প্ৰবৃতি॥
তুমি হেন বৈষ্ণৱ নৃপতি মিত্ৰ পাই।
ৰাজ্যভাৰ সৰ্ব্বস্বক দিবাক যুৱাই।
এহি বুলি মৌন ভৈল কৰ্ণদত্ত ৰাই।
যুধিষ্ঠিৰে মাতিলন্ত তানমুখ চাই॥