সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৮
কুলাচল-বধ।


এহিমতে যেবে, দেব পুৰন্দৰ,
 চলি গৈলা নিজস্থান।
দেবতা সকলো, তথা নথাকিল,
 সবে গৈলা বিদ্যমান॥
কতোদূৰে বসি, চাহিয়া আছন্ত,
 কৰ্ণদত্ত মহাৰায়।
অপসৰা গণে, দ্ৰৌপদীক বেঢ়ি,
 কৌতুকে আছন্ত চায়॥

পদ

ধৰ্ম্মপক্ষিগণে বোলে শুনা মুনিসন্ত।
কৰ্ণদত্ত ৰাজা আগবাঢ়ি আসিলন্ত॥
ধৰ্ম্মনৃপতিয়ে স্নেহে সাবটি ধৰিলা।
হৰিষতে দুয়ো জন আসনে বসিলা॥
কিনো ভাগ্য কিনো ভাগ্য পুরুষৰ মোৰ।
তুমি হেন মিত্ৰ পাইলো তপকৰি ঘোৰ॥
ঈশ্বৰতো শ্ৰেষ্ঠ মহন্তৰ দৰশন।
পবিত্ৰ ভৈলোহোঁ বৈষ্ণবৰ পৰশন॥
এহিমতে আনো নানা কৰি সাধুৰ্ব্বাদ।
সকলে কালৰ যত এড়াইলা প্ৰমাদ॥