সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৬
কুলাচল-বধ।


হেন জানি শ্ৰবণ আঞ্জলি ভৰি নিত।
তৰিবা কৰিয়ো পান দোৰ্ৰঘোৰ কলিত॥
আতপৰে নাহি আন তৰণ উপায়।
বিচাৰি চাহিয়ো সবে বেদ শাস্ত্ৰ চাই॥
এহিমাত্ৰ তত্বৰো পৰম তত্বকাম।
তৰিবা সংসাৰ ডাকি বোলা ৰাম ৰাম॥

দুলাড়ি

মুনিয়ে বোলন্ত, শুনা জন্মিজয়
 কৈলা ধৰ্ম্ম পক্ষিগণে।
আমিয়ো তোমাত, তাহাকে কহিলো
 শুনিলা ৰঙ্গমনে॥
পূৰ্ব্বত নজানে, আৰু একোজনে
 আছিল অতি গুপুতে।
জগতক কৃপা, কৰিয়া বেকতে
 থৈলা পৰাসৰ সুতে॥
তাহান আজ্ঞাত, মুনি মাৰ্কণ্ডেয়
 পঢ়াইলা বপুসুতক।
চাৰি মহাজনে, জৈমিনিত কৈলা
 কৃপাকৰি জগতক॥