সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৮
কুলাচল-বধ।

হেন কথা মনে ধৰি ভক্তৰ মনত।
বৈষ্ণবৰ পদ ৰেণু ধৰিয়া শিৰত॥
হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্ত্তন।
ভক্তৰ সঙ্গক নেড়িবাহা অনুক্ষণ॥
এতেকে লভিবা সুখে ভূকতি মুকুতি।
আতপৰে নাহি আৰ অপৰ যুগুতি॥
ভাৰত ভূষণে বোলে মোৰ এহি কাম।
আত পৰে আন নমাগোহোঁ প্ৰভুৰাম॥
হেন জানি সৰ্ব্বজনে তেজি আন মতি
বোলা হৰি হৰি পাইবা বৈকুণ্ঠত স্থিতি।

⸻°⸻

ছবি।

ধৰ্ম্ম পক্ষিগণে বোলে, শুনিয়ো জৈমিনি সৰ
 যেন কথা ভৈল তাতপৰ।
অগন্তিৰ কৃপা পাই, পাছে কৰ্ণদত্ত ৰা
 বাক্য জিহ্বা ভৈলা খৰতৰ॥
আগ বাঢ়ি কৰযুৰি, কৃষ্ণ পাদ পদ্ম চা
 কৰিবে লাগিলা স্ততি নতি।
নমো নিত্য সদাশিৱ,   তুমি জগতৰে ছাঁ
 বিশ্ব আদি অন্তে তুমি স্থিতি৷