সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬০
কুলাচল-বধ।


তাক মুক্ত কৰিবাক লাগয় তোমাৰ।
পতিত পাৱন নাম জগততে সাৰ॥
বদতি বপুৰ সুত জৈমিনি মহন্ত।
এহি কথা শুনিয়া মাধৱে হাসিলন্ত॥
কিনো তেজৱন্ত ঋষি কাল ৰূপ হয়।
কটাক্ষতে তিনি লোক দহিবে পাৰয়॥
পৰম তেজস্বী আরু আমাত ভকত।
কমনে কৰিবে পাৰে আহান মহত॥
অনন্ত মহিমা ইটো ব্ৰহ্মাৰ পুত্ৰৰ।
এতেক জানিয়া মাতিলন্ত চক্ৰধৰ॥
শুনিয়ো মহন্ত ধীৰ মহা সন্ত জন।
তব অপৰাধে সিটো হৱয় পতন॥
মোৰ দ্ৰোহ কৰি মহন্তৰ দ্ৰোহ টান।
ঠাৱে ঠাৱে আৰু সবে দেখিছে প্ৰমাণ॥
পূৰ্ব্বে জয় বিজয়ে বৈষ্ণৱ হেলনাত।
অসুৰ ভৈলেক বৈকুণ্ঠৰ হুয়া পাত॥
ইটো কৰ্ণ ৰাজা দ্ৰোহ আচৰি সম্ভব।
সহ ৰাজ্যে শিলা হৈয়া বৈয়াছে অপৰ॥
তব বাক্য ভাব ভৈল প্ৰতীকাৰ চয়।
উদ্ধাৰ কৰিবে তাক আমাৰ লাগয়॥