এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৮
কুলাচল-বধ।
বপুসুতে বোলে মুনি শুনা নিৰন্তৰ।
স্তুতি এড়ি কাকুতি কৰন্ত মুনিবৰ॥
হে দেৱ ভগবান কৰি আছো দোষ।
আমি বালকৰ কৰ্ম্মে এড়া অসন্তোষ॥
তোমাক পাইবাৰ তবে আমি ঋষি যত।
কৰোঁ মহা মহা যজ্ঞ ক্ষেত্ৰৰ কাষত॥
ইটো ৰাজা কুমাৰ পৰম দুৰ্ব্বিনয়।
ঈশ্বৰ অৰ্পিত অনু খাইবাক খোজয়॥
নেদিলাত মায়াকৰি ভুঞ্জিলে যতেক।
ময়ো মায়া কৰি তাক কৰিলোঁ অনেক॥
ভাগৰে ধৰিলে মই বলে নপাৰিল।
বহু বাক কৰি মোত বৰক খুজিল॥
মই বোলো বৰদাতা নোহাঁ তেবে আৰ।
আপোন ইচ্ছায়ে সিটো কৰিলেক সাৰ॥
এতেকে তাহাৰ মই বুলিলোঁ বচন।
তাৰ অপৰাধ মৰসিয়ো নাৰায়ণ॥
আৰু বড় আনন্দ আমাৰ মনে হয়।
যজ্ঞে খুজি তোমাক দেখিবে নাপাৱয়॥
তাহাৰ কাৰণে আসি লেখিলোঁ তোমাক।
আন ৰূপে দেখা প্ৰভু নেদাহা আমাক॥