সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৫
কুলাচল-বধ।


হেন শুনি বুলিলন্ত ধৰ্ম্ম পক্ষীবৰ।
শুনিবাহা পাছে ইও প্ৰশ্নৰ উত্তৰ॥
আবে ইটো কথাক শুনিয়ো মুনি-সন্ত।
এহি বুলি কৈবে লৈলা চাৰিয়ো মহন্ত॥
অগস্তি প্ৰমুখ্যে ঋষি সব নিৰন্তৰ।
দেখিলন্ত সভাখান মহাভয়ঙ্কৰ॥
সিদ্ধ মুনি স্তুতি কৰে গন্ধৰ্ব্বে গাৱয়।
বিদ্যাধৰে বাৱে অপসৰায়ে নাচয়॥
চাৰণ কিন্নৰ আনো দশদিগপাল।
মাধৱক আৰাধিয়া আছয় সকাল॥
পঞ্চ প্ৰহৰৰ পথ সভা খান জ্বলে।
বসিয়া প্ৰকাশ কৰে ভকত বৎসলে॥
শিৰে ৰত্ন কিৰীটি কৰয় আতি জ্যোতি।
মকৰ কুণ্ডল গণ্ড প্ৰকাশিত কান্তি॥
শৰত চন্দ্ৰক জিনি বদন মণ্ডল।
তিলক অলকা পান্তি কৰে জলমল॥
অরুণ নয়ন দ্ৰূব চাপ মনোৰম।
অরুণ অধৰ নাসা তিল ফুল বৰ॥
মুকুতা দশন অল্প অল্প হাসি তাত।
কৌস্তভৰ জ্যোতি নৱ আদিত্য প্ৰকাশ॥