সমললৈ যাওক

পৃষ্ঠা:কুলাচল বধ.djvu/৩৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৪
কুলাচল-বধ।


দেখা হৰি দৰশন।
ঋষি সবে কেন মন॥
সবে ব্ৰহ্ম নিৰাময়।
ব্ৰহ্ম বিনে নাহিকয়॥
দেখিবাৰ বড় কাম।
ডাকি বোলা ৰাম ৰাম॥

পদ।

পক্ষীগণে বোলে ওবা শুনিয়ো জৈমিনি।
অযুত হাজাৰ মুনি আসিয়া তৈসানি॥
দেখিলন্ত পাথৰ ওপৰে ভগৱন্ত।
সিদ্ধ মুনি বিদ্যাধৰে উপাসি আছন্ত॥
মুনিয়ে বোলন্ত মোৰ মনৰ সংশয়।
কুলাচল মৰি পাইলা কাহাৰ নিলয়॥
হৰিৰ হাতত পড়ি মুকুতি পাইবাৰ।
হেন মন আশা বড় হৈয়াছিল সাৰ॥
পাছে কোন কৰ্ম্ম পাইলা কৈয়ো তপোধন।
মনে মাধবৰ পাৱে পশিল শৰণ॥
কহিয়োক তান কেনে গতি ভৈল পাছে।
ইটো কথা শুনিতে মোহোৰ ইচ্ছা আছে॥