এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
কুলাচল-বধ।
হে ইন্দ্ৰ তুমি, পাঞ্চো পণ্ডৱক,
বনত ভালে চাহিবা।
অসংখ্যাত দৈত্য, দানব নাশিব,
তাহাৰ আপাহ পাইবা॥
ঘোৰ বঘাসুৰ, নাশিল পাণ্ডৱে,
তিনি লোক নিপাতয়।
তাহাক বধিয়া, সিসবে যিমতে,
গুচাইলা সবাৰোভয়॥
হেনয় সবক, যতন কৰিয়া,
ৰাখিবে লাগে তোমাৰ।
যি হেতু পাণ্ডৱে, কৰিয়া আছয়,
সবাহাকে উপকাৰ॥
পক্ষীয়ে বোলন্ত, শুনা মুনিবৰ,
যেন কথা তাত পৰ।
এহি বাক্য শুনি, পৰম কৌতুকে,
চলি গৈলা ব্ৰহ্মাহৰ॥
শুনা সভাসদ হুয়া নিঃশবদ ,
কৃষ্ণৰ চারু চৰিত্ৰ।
ইহাৰ শ্ৰবণে, মুকুতি মিলয়,
পাপীও হোৱে পবিত্ৰ॥