পৃষ্ঠা:কুলাচল বধ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
কুলাচল বধ৷

গালৱে বোলন্ত কথা শুনা মহৰাই।
ক্ৰোধ কৰি ৰাজাৰ কুমৰে আছা চাই॥
কৈবা চেৱটিয়াগণ শীঘ্ৰে আসি ধৰ।
ইসব ছয়কো কাটি খণ্ড খণ্ড কৰ॥
নৰসিংহ নামে ৰাজা হিত কুমৰৰ।
দেখে কটা যায় ছয় গোটা মন্ত্ৰীবৰ॥
আগ বাঢ়ি জানুপাৰি মাতিয়া ৰাখিলা।
কাটিবাৰ ৰাখি পাছে ঢঙ্কায়া খেদিলা॥
বপুসুতে বোলে মুনি শুনিয়োক কথা।
পাপিষ্ঠ ধূম্ৰাক্ষ আরু নৰহিল তথা॥
যিথানত পাতি আছে নৈবেদ্য অপাৰ।
সেহি থানে ঘোড়াৰ নামিয়া দুৰাচাৰ॥
ৰাজাৰ কুমাৰ পটু কুবুদ্ধি মায়াত।
ভোবোলা ছাগল বেশে পশিলা তথাত॥
হৰিৰ নৈবেদ্য দ্ৰব্য বিবিধ সম্ভাৰ।
মনসুখে দুৰাচাৰে খাইলেক অপাৰ॥
কতিপয় দিন মান খায় পাৰেমানে।
একদিন অগস্তিয়ে চাহে সেহিথানে॥
টুটিল নৈবেদ্য সব বহুতৰ আতি।
মাৰ্জাৰৰ রূপ ধৰি ৰহিলা তহিতি॥