পৃষ্ঠা:কুলাচল বধ.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
কুলাচল বধ৷

শুনিয়োক ৰাজপুত্ৰ হেন খঙ্গ কিক৷
শুদ্ধ বুদ্ধি দিয়ন্তে কি কাটাহা মন্ত্ৰীক॥
নুশুনাহা ভাল বাক্য আমৰা সবৰ৷
সবাকো কাটিয়া তুমি থাকা একেশ্বৰ॥
পাত্ৰ মন্ত্ৰী হুয়া ভাল মন্দ নকহয়।
ন্যায় নীতি স্মৃতি তন্ত্ৰ পূৰ্ব্বাপৰ চয়॥
দণ্ডিবকে ভয়ে যিতো চমকি থাকয়।
পেট পোষা পাত্ৰ মন্ত্ৰী সেহি দুৰাশয়॥
ৰাজা সব অগ্নি পাত্ৰ মন্ত্ৰী জলময়।
প্ৰচণ্ড বহ্নিক সিটো নিৰ্ব্বাণ কৰয়॥
তুমি কাটিবাহা আমি তাহাতে ডুবিবোঁ৷
দণ্ডিবাৰ কাৰ্য্যে ভাল মন্দ নকহিবো॥
সদবুদ্ধি কন্তে যিটো মন্ত্ৰীক কাটয়।
সেহি মুৰ্খৰাজা তাৰ ৰাজ্য নষ্ট হয়॥
এহিমতে নীতি ধৰ্ম্ম কৈলা ছয় জনে।
তথাপিতো দুৰ্জ্জনৰ শান্ত নুহি মনে॥
বোলে সবে ৰাজাক চলোহোঁ উঠিয়োক।
প্ৰবাসত দুঃখ পাৱে সবে প্ৰজা লোক॥
ৰাজাৰ প্ৰবাসে প্ৰজা পাৱে বৰ দুঃখ।
চলন্তোক সৈন্যগণ ৰাজাক সমুখ॥