পৃষ্ঠা:কুলাচল বধ.djvu/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৮
কুলাচল-বধ।


নকহিলা তাহাৰ মহিমা যেন মত।
কুলাচলে ন জানয় তাহাৰ মহত॥
ন জানিয়া তাহাক হানয় মুঢ়মতি।
তিনিয়ো লোকৰ মিলে মৰণ অহিতি।
যদি আন থানে ইটো শূলক হানয়।
তিনিয়ো লোকৰ তেবে প্ৰলয় মিলয়॥
যিবেলাত কুলাচলে শূল হাতে লৈল।
হস্তি ৰথ খান তাৰ হুসকিয়া গৈল॥
যোজনেক মানে গৈয়া পড়িল মহীত।
সহিবে ন পাৰি তাৰ ভাৰ বিপৰীত॥
দেৱদিয়া সিটো পাছে ভূমিত নামিল।
শূলৰ মহিমা দেখি হৃদয় কম্পিল॥
ইহাৰ প্ৰহাৰে তিনিলোক নাশ হয়।
সেনাসমে মোক খাইবে জানিলো নিশ্চয়॥
এতেক বুলিয়া পৰামৰশি আছয়।
বাঢ়িবে লাগিল শূল কৰিতে প্ৰলয়॥
বোলে বপুসুতে শুনা জৈমিনি মহন্ত।
দারুণ দানবে জগতক কৰে অন্ত॥
তিনি লোক প্ৰজটিল বিক্ৰমে তাহাৰ।
চতুৰ্দ্দশ ভূবন দহৰে শুলে তাৰ॥