পৃষ্ঠা:কুলাচল বধ.djvu/৩২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৫
কুলাচল-বধ।


ঠোটে ধৰি গরুড়ে টানয় পাৰে মানে।
কুলাচলো টানে গাৱে বল আছেমানে॥
হেম্পোচা হেম্পোচি কৰে আঝোৰা আঋোৰি।
মাজতে ভাগিল গদা ঠাতকাৰ কৰি॥
ডাবৰ খড়গ খান বাম কৰে ধৰি।
পথা ছেদিবাক মানে লৈলা যত্ন কৰি॥
ঝাপ দিয়া পক্ষিৰাজ অন্তৰিয়া গৈল।
পুনৰ্ব্বাৰ কুলাচলে ধনু শৰ লৈল॥
মাধবে বোলন্ত ইটো অতিচড়ি যাই।
ইহাৰ বধৰ আবে চিন্তোহো উপায়॥
দৈত্য সেনাগণ সবে আগ বঢ়ি যাই।
পুনু গৰুড়ক হৰি নিলা হোসোকাই॥
অনন্ত মহিমা হৰি পুরুষ পুৰাণ।
কুলাচল ক্ষুদ্ৰ জানা আগত তাহান॥
বালক সহিতে যেন কৰে উমলন।
হৰিও কৰন্ত কুলাচলেৰে তেমন॥
পক্ষিগণে বোলে কথা শুনা মুনিবৰ।
হানিলন্ত হৰি তেবে নাৰায়ণ শৰ॥
মহিষৰ ৰথখন ভাঙ্গিলন্ত হৰি।
ধনুখান কাটিল দুইখণ্ড কৰি॥

(২৮)