পৃষ্ঠা:কুলাচল বধ.djvu/৩২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৬
কুলাচল-বধ।


দেৱ দিয়া মহীত পড়িল কুলাচল।
কম্পি কম্পি স্থিৰ ভৈলা ধৰণী মণ্ডল॥
পৰ্ব্বত প্ৰমাণ দেহা পৰম ভীষণ।
আন ৰথখান আনি যোগাইলা তেখন॥
অনেক দম্ভালে ৰথখান ভয়ঙ্কৰ।
মহামেঘে খণ্ড যেন প্ৰলয় কালৰ॥
গদা মুদ্গৰ ধনু পৰশু মুষল।
থানে থানে থৈয়া আছে অস্ত্ৰ বলাবল॥
সেহি ৰথে চড়ি যেবে সমৰ কৰয়।
তিনিয়ো লোকত তেবে কমনে জিনয়॥
যাবে ইটো ৰথে চড়িবাক নতু পাৱে।
ৰথখান ভাঙ্গিয়োক বজ্ৰ ঠোট ঘাৱে॥
মাধবৰ বচন শুনিয়া পক্ষিবৰ।
উড়াৱ কৰিয়া পাইলা ৰথৰ ওপৰ॥
পক্ষীৰ আক্ৰান্ত হেন দানবে দেখিল।
আথ বেথ কৰি ঘোৰ ত্ৰিশূল ধৰিল॥
ভয়ানক অস্ত্ৰ তাক দেখি লাগে ভয়।
ভৈৰবক পূজি পায়া আছে দুৰাশয়॥
মুৰ্ত্তিমন্ত অস্ত্ৰ সিটো বলিবন্টাখাই।
কৰ্ণসুত কুলাচলে পূজন্ত সদাই॥