পৃষ্ঠা:কুলাচল বধ.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৯
কুলাচল-বধ।

হৰস বদনে সিতো মাতেগলতনি।
মোহোৰ বচন আৰে শুনা দেবহৰি॥
শীঘ্ৰকৰি মোক আবে মাৰা নাৰায়ণ।
যদি নামাৰাহা কৰা বৈকুণ্ঠে গমন॥
জগত ঈশ্বৰ তুমি কৈবল্যৰপতি।
মোক ৰণ কৰা তুমি কমন যুগুতি॥
পৃথিবীত থাকো আমি দানব মানব।
আমাক কৰাহা কেনে হেন পৰাভব॥
বিশেষত শত্ৰু মিত্ৰু নাহিকে তোমাৰ।
তুমি পুৰ্ণকাম হৰি আত্মা সবাকাৰ॥
মাৰণ কাটন তযু প্ৰতিকাৰ নাই।
জীবরূপে সবাহাতে আছাহা ৰমাই॥
আপোনাক আপুনি মাৰিলে কোন যশ।
তোমাৰ আগত আমি ক্ষুদ্ৰ মাফী মস॥
যদি বোলা মোক যিটো ভজে ভক্তি কৰি।
তাহাক ৰাখোহোঁ ময় চক্ৰ গদা দৰি॥
ইহাৰ উত্তৰ কহো শুনা জনাৰ্দ্দন।
কান্নাক ভজোঁৱা নণজঁৱা কতোজন॥
তুমি ভজাইলে সে জীবে ভজিৰে পাৰয়।
যাক কৃপাকৰা সিসি তোমাক ভজয়॥