পৃষ্ঠা:কুলাচল বধ.djvu/৩১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১০
কুলাচল-বধ।


তেজি আন কাম  বোলা ৰাম ৰাম
 সভাসদ যত জনে॥

পদ।

পক্ষিগণে বোলে শুনিয়োক হে জৈমিনি।
চলি যাই কুলাচল তুলাত অগনি॥
আগ হুয়া চলেতাৰ সেনাপতি যত।
আগবাঢ়ি ৰৈলা পাৰিষদৰ আগত॥
দেখি পাৰিষদ সেনা ঝিঙ্কৰি উঠিলা।
ধৰ মাৰ শবদ কৰিয়া রুলি দিলা॥
কাণ্ডে খাণ্ডে জাঠি জোঙ্গে প্ৰহাৰ কৰয়।
শ্ৰাবণ মাসত যেন মেঘে বৰিষয়॥
কাটি মাৰি নেই দানৱৰ সেনাগণ।
হেন দেখি ধাইল বড় বড় বীৰগণ॥
দারুণ প্ৰচণ্ড বাণ হানে খৰতৰ।
পৰম পীড়াত ভঙ্গ দিল নিৰন্তৰ॥
হুসকিয়া যাই মাধবৰ সৈণ্যগণ।
যথাত আছন্ত প্ৰভু দেব নাৰায়ণ॥
সিবেলা দানবগণ যম যেন নয়।
নিমাইবাৰ বেলা যেন অগনি জ্বলয়॥