পৃষ্ঠা:কুলাচল বধ.djvu/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১১
কুলাচল-বধ।


সহিবে নপাৰি ঘোৰ শৰ ঘাৱ যত।
হুসকি ৰহিলা পক্ষিৰাজাৰ পাছত॥
প্ৰচণ্ড সাগৰ যেন কাখৰে ৰাখিল।
দানবৰ বীৰগণ থমকি ৰহিল॥
নাইস বুলি বৰ ৰৰ পাৰিষদগণ।
মহা কোপ মনে তাক জপাইলেক ৰণ॥
সবাৰো সাৰঙ্গ ধনু বলে নুহি ক্ষীণ।
নিরুজ শৰীৰ সবে যুদ্ধত নিপুণ॥
একোজনে জিনিতে পাৰয় ত্ৰিভুবন।
হেন মহা পাৰিষদ সবে দিলা ৰণ॥
তিনিয়ো যুগৰ বীৰগণ দানবৰ।
একো একো বীৰ যেন পৰ্ব্বত শিখৰ॥
কুকুৰ শৃগাল ভেড়াছাগ বিড়ালৰ।
মূষ আরুফেঞ্চা গৃধ্ৰ কাক মহিষৰ॥
সিংহ বাঘ ঘোঙ্গ কঙ্ক মেঠন যে গরু।
পৰ্ব্বত সমান সবে নোহে ছোট সরু॥
হস্তী ৰথ সুকোমল বানে আছিলেক।
ঋষিৰ শাপত সবে কূচ্চিত ভৈলেক॥
সবাহাৰে গাৱ ভৈল কুচ্চিত কুবেশ।
কুচ্চিত আচাৰ সবে আসুৰি বিশেষ॥