পৃষ্ঠা:কুলাচল বধ.djvu/৩০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০০
কুলাচল-বধ।

জগতৰ নাথ হৰি গৰুড়ত চড়ি।
কুলাচল বধিবাক ৰৈলা ৰঙ্গ কৰি॥
বৈশম্পায়ন বোলে ৰাজা শুনিলা সমস্ত।
তযু পিতামহ সব বৈষ্ণব যিমত॥
জগতৰ স্ৰষ্টা ব্ৰহ্মাদেবে বখানিল।
মহাজন পাণ্ডবৰ যশষ্যা ৰহিল॥
যাৰ মহাগুণ ধৰণীত বখানয়।
তাহাৰ শ্ৰবণে ঘোৰ সংহাৰ তৰয়॥
এহি কহি বৈশম্পায়ন মৌন হুয়া ৰৈল।
বপুসুতে যুদ্ধৰ কাহিনী কৈবে লৈল॥
পাৰিষদগণে জয় জয় ৰোল কৰে।
শঙ্খ শিঙ্গা কাহালি বাৱয় নিৰন্তৰে॥
সিদ্ধ সাধ্য বিদ্যাধৰে গন্ধৰ্ব্বে গাৱয়।
কৃষ্ণৰ শিৰত পুষ্প সুৰিভি সিঞ্চয়॥
ইঠাৱৰ কথা যত এখখে থাকোক।
কুলাচল বীৰৰ কাহিনী শুনিয়োক॥
কৰ্ণদত্ত সুতৰ মোক্ষক মন ভৈল।
জীবনত কৰি মৰণক শ্ৰেষ্ঠ কৈল॥
সাজ সাজ বুলি বাৱে নিশান তৰল।
নিৰন্তৰে চলিলেক দানব সকল॥